Animal Public 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো অব্যাহত আছে হাতী মানুহৰ সংঘাত

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো অব্যাহত আছে হাতী মানুহৰ সংঘাত। নিতৌ খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা হাতী জাকৰ তাণ্ডৱত ত্ৰস্ত মান গাওঁবাসী।। ইফালে খাদ্য বিচাৰি ওলাই অহা হাতী জাকতোৰ এটাৰ পাছত আনটো হাতীয়ে কৰুণভাবে মৃত্যুমুখত পৰিছে। পুনৰ এনে এক অনুৰূপ ঘটনা সংঘটিত হয় হোজাইৰ হাবাইপুৰ গাওঁত। যোৱা নিশাও খাদ্যৰ সন্ধানত গাওঁখনত প্ৰৱেশ কৰা ৪/৫ হাতীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ঘৰৰ ভঁৰালৰ ধান খাই তহিলং চলাই। অঞ্চলটোৰ বীৰেন্দ্ৰ চৌহান নামৰ লোকজনৰ ঘৰত এটা হাতীয়ে ভাঙি থকাৰ অৱস্থাত ঘৰৰ ভিতৰৰ বিদ্যুত পৰিবাহী তাৰ আৰু খেতিত ব্যৱহাৰ কৰিবলৈ ঘৰত মজুত…

Read More