Uncategorized 

বিজনীত কুলাঙ্গাৰ পুত্ৰই চোকা অস্ত্ৰৰে ৮০ উৰ্দ্ধৰ নিজ মাতৃক আক্ৰমণ

বিজনীত কুলাঙ্গাৰ পুত্ৰই চোকা অস্ত্ৰৰে ৮০ উৰ্দ্ধৰ নিজ মাতৃক আক্ৰমণ।বিজনী মহকুমাৰ অন্তৰ্গত লাউগাওঁৰ ভাটিপাৰাত সংঘটিত হৈছে এই ঘটনা।মাতৃ সুশীলা ৰায়ক বিজনী ভেটাগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি।কুলাঙ্গাৰ পুত্ৰৰ নাম বিনয় ৰায়।

Read More
Public 

চম্পাৱতী নৈৰ বাঢ়নী পানীৰ ভয়ংকৰ ৰূপ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে পানী এৰি দিয়াৰ লাগে লাগে ।বুৰ গৈছে বহু কেইখন গাঁৱ।চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চাপৰ ৰাজহ চক্ৰৰ বহু কেইখন গাঁৱ।ইয়াৰে বহলপুৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত জালিকুৰা গাঁৱত মঙ্গলবাৰে উপস্থিত হয় বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী। চম্পাৱতী নৈৰ কাষে কাষে একাঠু পানী অতিক্ৰম কৰি বিধায়কগৰাকীয়ে বুজ ল’লে গাঁৱখনৰ বানপিড়িতৰ সমস্যা।চাওক এই দৃশ্যলৈ বাঢ়নী পানীৰ একাঠু পানী পাৰ হৈ কেনেদৰে বানপিড়িতৰ কাষ চাপিছ বিধায়কগৰাকী। গাঁৱখনত উপস্থিত হৈয়ে বানপিড়িতৰ মাজত মিলিত হৈ সকলো সমস্যাৰ বুজ লয় বিধায়কগৰাকী। এইবাৰ চাওক এই দৃশ্যলৈ, চম্পাৱতী নৈৰ বাঢ়নী পানীৰ এদিনীয়া…

Read More
Public 

পুৰুষ আৰু এগৰাকী মহিলা নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ

ৰাজ্যত সঘনে নাৰী সৰবৰাহকাৰী চক্ৰ চলি আহিছে । আজি পুৱতি নিশা অৰুণাচলৰ পামফেৰা জিলাৰ দুইমুখ থানাৰ অন্তৰ্গত চিয়াম্পু নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰা পুলেন গোহাঁই আৰু চুনু গোহাঁই নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ঘিলামৰা আৰক্ষী আৰু ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া মোহনলাল মিনাৰ নেতৃত্বত । যোৱা ১৩ জুলাইত ঘিলামৰাৰ ম’হমৰা দীঘলী গাঁৱৰ পৰা এগৰাকী নাবালিকাক একে গাঁৱৰে পুলেন গোহাঁই আৰু তেওঁৰ দ্বিতীয় পত্নী চুনু গোঁহাইয়ে মিলি অপহৰণ কৰি নি অৰুণাচলৰ এখন ভিতৰুৱা গাঁৱত বিক্ৰীৰ ব্যৱস্থা কৰিছিল । বৰ্তমান কৰ্মসূত্ৰে অৰুণাচলত বাস কৰা পুলেন গোহাঁইয়ে নিজ কণ্যাৰ সহযোগত প্ৰতিবেশী নাবালিকা গৰাকীক ফুচুলাই…

Read More
Public 

ভূটানৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ ঢলাধন্ধা,চিকাকে ধৰি বহু আঞ্চল

ভূটানৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ ঢলাধন্ধা,চিকাকে ধৰি বহু আঞ্চল।তিনিশৰো অধিক পৰিয়াল কক্ বকাইছে বানৰ ফলত।হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতিসাধন।

Read More
Public 

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান।

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান। ২ জন ড্ৰাগছ ব্যৱসায়ীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ,মটৰ চাইকেল,৩টা মোৱাইল জব্দ।ব্যৱসায়ী দুজন ক্ৰমে আব্দুল হাই আৰু তুৰাব আলি ।

Read More
Public 

ৰাজ্য খনক তচনচ কৰি থৈ গ’ল বলিয়া বানে….

এদেও দুডেওকৈ সজা ঘৰ- দুৱাৰ , সা -সম্পত্তি নিমিষতে থানবান কৰি পেলালে সংহাৰী বানে ।কৃষকৰ সপোনৰ পথাৰত এতিয়া বালিৰ দম । বানে পথাৰ মহতিয়াই নিয়াই নহয় ,এফালৰ পৰা শেষ কৰি গ’ল চহা খেতিয়কৰ ফচল । ৰদ-বৰষুণক আওকাণ কৰি কপালৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছিল ৰবিশস্যৰ ।কিন্তু ৰুদ্ৰ ৰূপ ধাৰণ কৰি অহা বানত লহপহকৈ বাঢ়ি অহা জহকালিৰ শস্য অকালতে মৰহি গ’ল । হয়, আপুনি দেখি থকা এই দৃশ্য ৰঙিয়াৰ ।ৰঙিয়াৰ বৃহত্তৰ অঞ্চলটোত খেতিয়কৰ সপোন এনেদৰেই শেষ হৈ গৈছে বলিয়া বানত । যোৱা কিছুদিন ধৰি নেৰানপৰা বৰষুণত ওফন্দি উঠি বৰলীয়া নৈয়ে বুৰাই…

Read More
Public 

বাঢ়নি পানী শুকোৱাৰ পাছতো বানাক্ৰান্ত যাব পৰা নাই হেপাঁহৰ ঘৰ খনলৈ

ৰাজ্যখনৰ লগতে কমাৰগাঁওবাসীও আহাৰ মহীয়া বানৰ কবলৰ পৰা বাচি নগল ৷বাঢ়নি পানীয়ে তচনচ কৰি গ’ল নৈপৰীয়াবাসীৰ ৷ কিন্তু ঘৰৰ ভিতৰৰ পৰা পানী ওলাই যোৱাৰ পাছতো ঘৰলৈ উভতিব পৰা নাই গঞা ৷ কিন্তু কিয় ? ব্ৰহ্মপুত্ৰ আৰু গেলাবিল নদীৰ বাঢ়নি পানীয়ে তচনচ কৰি গ’ল নৈ পৰীয়া ১ নং গৰৈমাৰীবাসীৰ ৷ বাঢ়নি পানীৰ তাণ্ডৱৰ বাবেই নিজৰ হেপাঁহৰ ঘৰ খন এৰি জীৱনটো ৰক্ষা কৰি পথৰ কাষত কটাব লগা হ’য় বানাক্ৰান্ত ৷কিন্তু অতি দুখৰ বিষয় বাসগৃহৰ ভিতৰৰ পৰা বাঢ়নি পানী ওলাই যোৱাৰ পাছতো ঘৰলৈ উভতিব পৰা নাই বানাক্ৰান্ত ৷ কিয়নো বাসগৃহৰ ভিতৰত আহাৰ –…

Read More