Public 

Man arrested with Arms at Bijni.

বিজনী হস্তনিৰ্মিত বন্দুকসহ আটক ১।চিৰাঙ জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ উপ-আৰক্ষীৰ বাউতিপাড়াত মঙ্গলবাৰে মাজনিশা বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত লগতে বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বড়াৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত অভিযান চলাই হস্ত নিৰ্মিত ২টা বন্দুক,১০জাই সজীৱ গুলী,খালী কাৰ্তুজ ১টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আটকাধীন ব্যক্তিজনৰ নাম মনোজ মুছাহাৰী। উল্লেখ্য যে মঙ্গলবাৰে মাজনিশা একেজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা বন্দুকসহ,বাৰুদ আৰু বন্দুক নিৰ্মান কৰিবলৈ আবশ্যকীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।ইতিমধ্যে বিজনী আৰক্ষীয়ে মনোজ মুছাহাৰীৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছে।

Related posts

Leave a Comment