Public 

চম্পাৱতী নৈৰ বাঢ়নী পানীৰ ভয়ংকৰ ৰূপ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে পানী এৰি দিয়াৰ লাগে লাগে ।বুৰ গৈছে বহু কেইখন গাঁৱ।চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চাপৰ ৰাজহ চক্ৰৰ বহু কেইখন গাঁৱ।ইয়াৰে বহলপুৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত জালিকুৰা গাঁৱত মঙ্গলবাৰে উপস্থিত হয় বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী। চম্পাৱতী নৈৰ কাষে কাষে একাঠু পানী অতিক্ৰম কৰি বিধায়কগৰাকীয়ে বুজ ল’লে গাঁৱখনৰ বানপিড়িতৰ সমস্যা।চাওক এই দৃশ্যলৈ বাঢ়নী পানীৰ একাঠু পানী পাৰ হৈ কেনেদৰে বানপিড়িতৰ কাষ চাপিছ বিধায়কগৰাকী। গাঁৱখনত উপস্থিত হৈয়ে বানপিড়িতৰ মাজত মিলিত হৈ সকলো সমস্যাৰ বুজ লয় বিধায়কগৰাকী। এইবাৰ চাওক এই দৃশ্যলৈ, চম্পাৱতী নৈৰ বাঢ়নী পানীৰ এদিনীয়া গৰাখহনীয়াই কেনেধৰণে কাল ৰূপ ধাৰণ কৰিছে জালিকুৰা নামৰ এই গাঁৱখনত।ইতিমধ্যে চম্পাৱতী নৈৰ ধাৰাবাহিক প্ৰবল গৰাখহনীয়াই গাঁৱখনৰ ৮০ শতাংশই নিশ্বেষ কৰি পেলোৱাৰ বিপৰীতে এই বছৰৰ চম্পাৱতী নৈৰ এই বাঢ়নী পানীয়ে গাৱঁখন একেবাৰে নিশ্বেষ কৰি পেলোৱাৰ উপক্ৰম হৈছে।ইতিমধ্যে গাঁৱখনৰ গঞাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি ধাপলি মেলিছে নিৰাপদ স্থানলৈ। এতিয়া প্ৰশ্ন হয় একাঠু পানী পাৰ হৈ গৈ গাঁৱখনৰ গঞাৰ সমস্যাৰ সম্পৰ্কে বুজ লোৱা বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে গাঁৱখনৰ বানাক্ৰান্ত গঞাৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

Related posts

Leave a Comment