Public 

ৰাজ্য খনক তচনচ কৰি থৈ গ’ল বলিয়া বানে….

এদেও দুডেওকৈ সজা ঘৰ- দুৱাৰ , সা -সম্পত্তি নিমিষতে থানবান কৰি পেলালে সংহাৰী বানে ।কৃষকৰ সপোনৰ পথাৰত এতিয়া বালিৰ দম । বানে পথাৰ মহতিয়াই নিয়াই নহয় ,এফালৰ পৰা শেষ কৰি গ’ল চহা খেতিয়কৰ ফচল । ৰদ-বৰষুণক আওকাণ কৰি কপালৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছিল ৰবিশস্যৰ ।কিন্তু ৰুদ্ৰ ৰূপ ধাৰণ কৰি অহা বানত লহপহকৈ বাঢ়ি অহা জহকালিৰ শস্য অকালতে মৰহি গ’ল । হয়, আপুনি দেখি থকা এই দৃশ্য ৰঙিয়াৰ ।ৰঙিয়াৰ বৃহত্তৰ অঞ্চলটোত খেতিয়কৰ সপোন এনেদৰেই শেষ হৈ গৈছে বলিয়া বানত । যোৱা কিছুদিন ধৰি নেৰানপৰা বৰষুণত ওফন্দি উঠি বৰলীয়া নৈয়ে বুৰাই পেলাইছিল বহু অঞ্চল । যাৰ ফলত নষ্ট হ’ল শ শ বিঘা ৰবিশস্যৰ । লাউ ,জিকা ,ভোল,কেৰেলা ,টিয়হ আদি পাচলিৰ বাগানত পানী উঠাৰ ফলত মৰহি যাব লাগিছে । প্ৰথমে হালধীয়া ৰঙৰ হৈ গছবোৰ পিছত শুকাই যাব ধৰিছে । ফলস্বৰূপে নষ্ট হৈ গৈছে বতৰৰ পাচলিৰ খেতি ।ঋণ লৈ খেতি কৰা কৃষক সকলৰ মাজত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে । ঋণেই পৰিশোধ কৰেনে ঘৰেই চলাই কিবাকৈ -এনেধৰণৰ চিন্তাই কৃষক সকলক নানান চিন্তাই জুমুৰি দি ধৰিছে ।শ শ বিঘা খেতি বানপানীত নষ্ট হোৱাৰ পিছতো খেতিয়কৰ কল্যাণৰ বাবে দেদাউৰি দিয়া বিয়াগোম কৃষি বিভাগৰ কোনো লোকে অদ্যাপি খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰঙিয়া প্ৰশাসনেও খেতিয়ক সকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত উপায়ন্তৰ হৈ পৰিছে ৰঙিয়াৰ পাৰ্শৱৰ্তী অঞ্চলৰ খেতিয়ক সকল।

Byte : খেতিয়ক ।

ৰঙিয়াৰ পৰা জিন্টু মণি দাস, পাব্লিক প্ৰেছ

Related posts

Leave a Comment