Public 

বাঢ়নি পানী শুকোৱাৰ পাছতো বানাক্ৰান্ত যাব পৰা নাই হেপাঁহৰ ঘৰ খনলৈ

ৰাজ্যখনৰ লগতে কমাৰগাঁওবাসীও আহাৰ মহীয়া বানৰ কবলৰ পৰা বাচি নগল ৷বাঢ়নি পানীয়ে তচনচ কৰি গ’ল নৈপৰীয়াবাসীৰ ৷ কিন্তু ঘৰৰ ভিতৰৰ পৰা পানী ওলাই যোৱাৰ পাছতো ঘৰলৈ উভতিব পৰা নাই গঞা ৷ কিন্তু কিয় ?
ব্ৰহ্মপুত্ৰ আৰু গেলাবিল নদীৰ বাঢ়নি পানীয়ে তচনচ কৰি গ’ল নৈ পৰীয়া ১ নং গৰৈমাৰীবাসীৰ ৷ বাঢ়নি পানীৰ তাণ্ডৱৰ বাবেই নিজৰ হেপাঁহৰ ঘৰ খন এৰি জীৱনটো ৰক্ষা কৰি পথৰ কাষত কটাব লগা হ’য় বানাক্ৰান্ত ৷কিন্তু অতি দুখৰ বিষয় বাসগৃহৰ ভিতৰৰ পৰা বাঢ়নি পানী ওলাই যোৱাৰ পাছতো ঘৰলৈ উভতিব পৰা নাই বানাক্ৰান্ত ৷ কিয়নো বাসগৃহৰ ভিতৰত আহাৰ – শাওনৰ বাৰিষাৰ বোকাময় পথাৰ সদৃশ হৈ আছে ৷

কমাৰ গাঁৱৰ পৰা সাগৰ জ্যোতি হাজৰিকা , পাব্লিক প্ৰেছ , ১৯ জুলাই

Related posts

Leave a Comment