Politics 

“হামৰেনত বিজেপিৰ জয় একেবাৰে ১০০ শতাংশ নিশ্চিত”—মংগলছিং তিমুং। হামৰেনত বিজেপিৰ যুটীয়াবর্ধিত সভা! ২১ পৰিয়ালৰ যোগদান বিজেপিত।

শ্চিম কাৰ্বি আংলং তথা পৰিষদীয় হামৰেন সমষ্টিৰ হামৰেন চহৰত আজি অনুষ্ঠিত হৈ যায় এখন বিজেপিৰ যুটীয়াবৰ্ধিত সভা। হামৰেন চহৰ সমিতিৰ অধীনৰ ১ আৰু ৩ নম্বৰ ৱাৰ্ডক সামৰি আয়োজন কৰা যুটীয়াবর্ধিত সভাত পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ জন প্ৰতিনিধি তথা পৰিষদীয় সদস্য মংগলছিং তিমুং, হামৰেণ সমষ্টিৰ গাওঁ উন্নয়ণ সমিটিৰ অধ্যক্ষ বিৰেন তিছ, পৰিষদীয় প্ৰাক্তন কাৰ্য্যবাহী সদস্যা কাবন ইংতিপিৰ লগতে বিজেপি নেতা আৰচং ৰংহাং, বীৰেন তিচ্ছ’, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে’, পিটৰ তিমুং আৰু ভালে সংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকে। দুই শতাধিক লোক উপস্থিত থকা সভাত ভাষণ প্ৰসংগত জন প্ৰতিনিধি তথা পৰিষদীয় সদস্য মংগলছিং তিমুঙে কয় যে দেশৰ ভিতৰত বিজেপিয়েই হৈছে শক্তিশালী ৰাজনৈতিক দল। গতিকে এই শক্তিক অটুত ৰাখি আমি দল আৰু চৰকাৰে মিলিজুলি সবকে সাথ চবকা বিকাশেৰে সর্বাংগীন উন্নয়ন সাধন কৰিব লাগিব পাহাৰীয়া জিলাখনত বুলি প্ৰকাশ কৰে তিমুঙে। উল্লেখযোগ্য যে ইপিনে সমাগত চহৰ কমিটি নিৰ্বাচনক কেন্দ্ৰ কৰিও ইতিমধ্যে বিজেপিৰ ব্যাপক প্ৰস্তুতি চলিছে হামৰেন চহৰত। কাৰণ বিজেপিৰ লক্ষ্য হৈছে সমাগত চহৰ কমিটি নিৰ্বাচনত জয় হোৱা। ফলস্বৰূপে আজি কিছুদিনৰে পৰা কাৰ্বি আংলঙৰ হামৰেন তীব্ৰ গতিত বলিছে নিৰ্বাচনীৰ গৰম বতাহ। সমাগত নিৰ্বাচনক লক্ষ্য কৰি তিমুঙে সভাত উল্লেখ কৰে যে হামৰেন সমষ্টিত বিজেপিৰ জয় সদানিশ্চিত। কাৰণ ৰাইজৰ ত্যাগ-কষ্ট আৰু সহায়-সহযোগীতাত তেওঁ সমষ্টিটোত তিনিবাৰকৈ জয় হবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে। গতিকে সাধাৰণ চহৰ সমিতি নিৰ্বাচন এটাত ৰাইজে নিঃসন্দেহে বিজেপিক জয়ী কৰাই আনিব পাৰিব বা যি নিৰ্বাচনেই অনুষ্ঠিত নকৰক কিয় হামৰেনত বিজেপিৰ জয় একেবাৰে ১০০ শতাংশ নিশ্চিত, কাৰণ হামৰেনত বিজেপিৰ বাহিৰে দ্বিতীয় আৰু কোনো নাই বুলি প্ৰকাশ কৰে তিমুঙে। আনহাতে মন কৰিবলগীয়া কথা যে আজিৰ এই আয়োজিত সভাতেই কংগ্ৰেছ দলৰ মুঠ ২১ পৰিয়ালে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

Related posts

Leave a Comment