Politics 

পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণিত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ অংশ গ্ৰহন।

পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণিত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ অংশ গ্ৰহন।
:::::::
ভাল গ্ৰন্থ ভাল মানুহৰ পৰম আৰু চৰম বন্ধু-
৮ জানুৱাৰীৰ পৰা সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ফিঙুৱা মিল চকৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত প্ৰথম বাৰ্ষিক পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যোৱা চৈধ্য জানুৱাৰী তাৰিখে সমাপ্তি ঘটে । প্ৰাক্তন আছু নেতা ধৰ্মেশ্বৰ ৰয়, বাঙালী যুৱ ছাত্ৰৰ সভাপতি মহানন্দ সৰকাৰ দত্ত, আমছু নেতা নুৰজামাল ইছলাম, এবছু নেতা মহিপাল বড়োৱে বিশেষ ভাৱে উদ্যোগ লোৱা উক্ত গ্ৰন্থ আৰু বাণিজ্য মেলাত বিশিষ্ঠ সাহিত্যিক ইছমাইল হুছেইন, বশিষ্ঠ সাংবাদিক হাইদৰ হুছেইন, সাহিত্যিক ড০ হাফিজ আহমেদ, কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ড০ জগদীশ পাটগিৰি, বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, তপোবন শিশুগৃহৰ সঞ্চালক কুমুদ কলিতা, সাহিত্যিক নাগেশ্বৰ দাস, প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকা, প্ৰাক্তন বিধায়ক ড০ মনোৰঞ্জন দাস, প্ৰাক্তন বিধায়ক আলি হুছেইন, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, পাকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেবেশ্বৰ ডেকা, যুৱনেতা ছাকেদ আলী আহমেদ, পাকা মৌজাৰ মৌজাদাৰ ৰুদ্ৰ চৌধুৰীকে আদি কৰি বিভিন্ন কলেজৰ দহগৰাকী প্ৰবক্তা, কুৰিগৰাকী সাংবাদিক, বিভিন্ন হাই¸ এম ই আৰু এল পি স্কুলৰ কুৰিগৰাকী শিক্ষাগুৰু, দহগৰাকী গাওঁবুঢ়া, সত্ৰাধিকাৰ, সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ঠ ব্যক্তিয়ে কাৰ্যসূচী সমুহৰ শুভাবৰ্ধন কৰে । বি এইছ কলেজৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত আঠ জানুৱাৰী তাৰিখৰ আৰম্ভণী সভা, কবি তথা কয়াকুছি প্ৰেছ গীল্ডৰ সভাপতি মহানন্দ সৰকাৰ দত্তৰ সঞ্চালনাত তথা কুৰিগৰাকী কবিৰ উপস্থিতিত দহ জানুৱাৰী তাৰিখে অনুষ্ঠিত "কবি সন্মিলন", এঘাৰ জানুৱাৰী তাৰিখে লোক সংগীত ভাস্কৰ বসন্ত পাটগিৰিৰ দলৰ দ্বাৰা লোক সংস্কৃতিৰ ওপৰত আধাৰিত সাংস্কৃতিক সন্ধিয়া, তেৰ জানুৱাৰী তাৰিখৰ "ভাল গ্ৰন্থ অধ্যয়নৰ মানসিকতা গঢ়াত গ্ৰন্থমেলাৰ ভুমিকা" শীৰ্ষক আলোচনা চক্ৰ, চৈধ্য জানুৱাৰী তাৰিখে বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰন সম্পাদক ধৰ্মেশ্বৰ ৰয়ৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা "মুকলি সভা" আদিয়ে অনুষ্ঠানৰ গাম্ভীৰ্যতা অধিক বৃদ্ধি কৰাৰ লগতে আঠ জানুৱাৰীৰ পৰা চৈধ্য জানুৱাৰীলৈ প্ৰতিদিন অসম, পশ্চিমবংগ তথা বাংলাদেশৰ মুঠ দহগৰাকী আমন্ত্ৰিত কন্ঠশিল্পীয়ে গীত পৰিৱেশন কৰাৰ উপৰিও প্ৰায় পঞ্চাছ গৰাকী স্থানীয় শিল্পীয়ে গীত, নৃত্য, আবৃত্তি ইত্যাদি পৰিৱেশন কৰে । উল্লেখ্য যে সাংস্কৃতিক কাৰ্যসূচীৰ ভিতৰত কয়াকুছিৰ বন্দে মাতৰম শীৰ্ষক কাহিনী মুলক নৃত্য আৰু বাংলাদেশৰ গায়ক মুজিব পৰদেশীৰ গীত চাবলৈ অহা লোকৰ ভীৰ লক্ষণীয় আছিল । পাকা মৌজা, বৰপেটা জিলা তথা সদৌ অসম ভিত্তিত আয়োজন কৰা বিভিন্ন প্ৰতিযোগীতাত প্ৰায় তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা কাৰ্যই উক্ত মেলাৰ আকৰ্ষণ বৃদ্ধি কৰিছিল । পাকা মৌজাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানে ছাত্ৰ ছাত্ৰীক বাৰুকৈয়ে আকৃষ্ট কৰে । উদযাপন সমিতিৰ সভাপতি ফজলুল হক, কাৰ্যকৰী সভাপতি গনেশ কলিতা, উপ সভাপতিদ্বয় হান্নানুৰ ৰহমান, কল্যান পাটগিৰি, যুটীয়া সম্পাদকদ্বয় মনিৰুল হক, আব্দুছ ছাত্তাৰ, ধনভৰালী হুৰমূজ আলী, শিক্ষক হৰজিৎ শৰ্মা, গৰীয়া মৰীয়া দেশীয় জাতি পৰিষদৰ নেতা আক্কাছ আলী, সমাজকৰ্মী আজগৰ আলী, শিক্ষক খান ফজলুৰ ৰহমান, উদীয়মান যুৱক ফৰহাদ খান, ছমীৰ, জাহিদুল, ছফিকুল ইত্যাদি ব্যাক্তিৰ কঠোৰ পৰিশ্ৰমৰ বাবেই অনুষ্ঠান সফল হোৱা ত স্থানীয় ৰাইজে সকলো কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে । আনহাতে গ্ৰন্থই যিহেতু মানুহৰ পৰম আৰু চৰম বন্ধু হিচাপে পৰিগণিত হৈছে ¸তাৰ প্ৰতি লক্ষ্য ৰাখি সমাজ পৰিবৰ্তনৰ বাবে প্ৰতি বছৰে পাকা মৌজা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

Related posts

Leave a Comment