Politics 

ধুবুৰীত চলিছে মদৰ ৰোমৰমীয়া বেহা

ধুবুৰীত চলিছে মদৰ ৰোমৰমীয়া বেহা। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু বালাজনৰ লগতে জিলা সদৰ ধুবুৰী চহৰত নিশা অভিযান চলিল জিলা শুল্ক বিভাগৰ। জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ উপস্থিতিত শুল্ক বিভাগৰ অধ্যক্ষ মানসজ্যোতি দাসৰ নেতৃত্বত নিশা অভিযান চলোৱা হয়। অভিযান কালত এইবোৰ বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই মদ সহ আন বিভিন্ন সা সামগ্রী জব্দ কৰা হয়। লগতে মদৰ এনে ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ এঘাৰ গৰাকী লোকক আটক কৰে অভিযান কাৰী দলটোৱে। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ সদৰকে ধৰি জিলা খনৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা এনে চুলাই মদ আৰু বিলাতী সুৰাৰ ৰোমৰমীয়া বেহা চলি আহিছিল যদিও শুল্ক বিভাগ ৰহস্যজনক ভাবে নীৰৱতা অৱলম্বন কৰি আহিছিল। কিন্তু জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ তৎপৰতাৰ বাবেই আজি শুল্ক বিভাগে নিশাৰ ভাগত এনে অভিযান চলাবলৈ একপ্ৰকাৰ বাধ্য হৈ পৰে।
মন কৰিবলগীয়া যে ধুবুৰী জিলা জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ধুবুৰী জিলাখনক অপৰাধ মুক্ত এখন সমাজ গঠন কৰাৰ প্ৰয়াস কৰিছে।

Related posts

Leave a Comment